পাঠৰ নাম | বৰগীত |
শ্ৰেণী | দশম শ্ৰেণী |
লেখক | শ্ৰীশ্ৰীমাধৱদেৱ |
পাঠ নং | ১ |
উপলদ্ধ | অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সমূহ |
বিষয় | অসমীয়া |
বৰগীত Class 10 Question Answer
১। অতি চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া।
(ক) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ : নামঘোষা।
(খ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ : শ্ৰীশ্ৰীমাধৱদেৱে।
(গ) নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।’—
কবিয়ে জীৱনে-মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ : ঈশ্বৰক অনুৰোধ কৰিছে।
(ঘ) সনক সনন্দ যোগী যাহাকু ধিয়ায়। সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ : হৰি অৰ্থাৎ পৰম ঈশ্বৰ নাৰায়ণক ধ্যান কৰে বুলি কৈছে।
(ঙ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ : কবিয়ে এই সংসাৰৰ সাংসাৰিক বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।
(চ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ : বৰগীত বসন্ত ৰাগত বন্ধা আছে।
(ছ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ : কবিয়ে বান্ধৱ বুলি হৰি বা পৰম ঈশ্বৰক সম্বোধন কৰিছে।
(জ) ‘মোহ-পাপ’ মানে কি?
উত্তৰ : মায়াৰ বন্ধন
2। বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।
উত্তৰ : বৰগীতৰ তিনিটা লক্ষণ তলত উল্লেখ কৰা হল-
১। বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত।
২। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।
৩। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
Related Post: SEBA HSLC Syllabus
বৰগীত Class 10 মূলভাব
৩। বৰগীতটিৰ মূলভাব লিখা।
উত্তৰ : বৰগীতটিৰ মূলভাব— মহাপুৰুষ মাধৱদেৱে পৰম ঈশ্বৰৰ ওচৰত শৰণ লৈ মিনতি কৰিছে যাতে তেওঁক জীৱনে-মৰণে কদাপি এৰি নাযায়। যোগীসকলে যাক বিচাৰি ফুৰে, সহস্ৰজনেও যাৰ পাৰাপাৰ নাপায় সেই ভগৱন্তৰ মহিমা মহাপুৰুষজনাই কেনেকৈ জানিব বুলি আকুলতা প্রকাশ কৰিছে। বিষয়ত বিবুদ্ধি হৈ তেওঁ ঈশ্বৰৰ চৰণত আশ্ৰয় বিচাৰিছে। পৰম ঈশ্বৰৰ চৰণ যুগলেই তেওঁৰ পৰম ধন। ঈশ্বৰেই ভকতসকলৰ জীৱন। সেয়ে মহাপুৰুষ মাধৱদেৱেও কৃপাৰ সাগৰ ভগৱন্তৰ চৰণত শৰণ লৈ সংসাৰৰ মোহ পাশৰ পৰা মুক্তি বিচাৰিছে। এয়াই বৰগীতটিৰ মূলভাব।
৪। বৰগীতটিৰ ৰচক মহাপুৰুষ মাধৱদেৱৰ চমু পৰিচয় দিয়া।
উত্তৰ : নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ মাধৱদেৱৰ জন্ম হয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপৰীত ১৪৮৯ চনত। তেওঁৰ পিতৃ আছিল
গোবিন্দগিৰী ভূঞা আৰু মাতৃ আছিল মনোৰমা ৷ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে গুৰুৰ পদাংক অনুসৰণ কৰি বিভিন্ন অঞ্চলত ধৰ্মপ্ৰচাৰ কৰাৰ লগতে নানা আখ্যানমূলক, তত্ত্বমূলক ৰচনা, গীত, নাটক আদি ৰচনা কৰিছিল। মহৎ ‘নামঘোষা’ গ্ৰন্থ তেওঁৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ।
জনসাধাৰণে বুজোতে সহায় হ’বৰ বাবে মাধৱদেৱে তেওঁৰ লিখনিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰিছিল। ১৫৯৬ চনত কোচবিহাৰৰ ভেলাডাঙাত এইজনা মহাপুৰুষ বৈকুণ্ঠগামী হয়।
৫। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা।
উত্তৰ : কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক চাৰিটা ভাগত ভাগ কৰিব পাৰি – (১) আখ্যানমূলক ৰচনা (২) তত্ত্বমূলক ৰচনা (৩) নাট আৰু (৪) ঝুমুৰা।
দশম শ্ৰেণীৰ অসমীয়া বৰগীত Class 10
৬। ব্যাখ্যা কৰা।
(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিকে কেনে তোমাৰ মহিমা।।
উত্তৰ ঃ উক্ত স্তৱকটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ত থকা মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘বৰগীত’টিৰ পৰা তুলি অনা হৈছে।
ইয়াত ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিবলৈ গৈ ৰচয়িতাই উক্ত স্তৱকটিৰ অৱতাৰণা কৰিছে।
মহাপুৰুষজনাই ভগৱন্তৰ কথা ক’বলৈ গৈ কৈছে যে সহস্ৰলোকে তেওঁৰ পাৰাপাৰ বিচাৰি নাপায়। এনেহেন পৰম ঈশ্বৰ মহিমাৰ বুজ শ্ৰীমাধৱদেৱে পোৱাতো কোনোমতেই সম্ভৱ নহয় ৷ সেয়ে ঈশ্বৰৰ ওচৰত নিজকে সমর্পণ কৰি মহাপুৰুষ জনাই তেওঁ জীৱনে মৰণে নেৰিবলৈ অনুৰোধ কৰিছে।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে কৰিয়ো
উদ্ধাৰ মোক চৰণ কমলে।
উত্তৰ : ব্যাখ্যেয় স্তৱকটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘বৰগীত’টিৰ পৰা তুলি অনা হৈছে।
বিষয় জগতত সোমাই বিবুদ্ধি হৈ পৰা মহাপুৰুষজনাই ভগৱন্তক উদ্ধাৰৰ বাবে মিনতি কৰাৰ প্ৰসংগত উক্ত স্তৱকটিৰ অৱতাৰণা কৰা হৈছে।
মহাপুৰুষ মাধৱদেৱ অসমত নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। উদাসীন ভকত মাধৱদেৱে সংসাৰৰ বিষয় জালত সোমাই বিবুদ্ধি হৈ পৰিছে। দুদিনীয়া এই সংসাৰত পদে পদে বিপদ। ইয়াৰ পৰা ঈশ্বৰেহে মানুহক উদ্ধাৰ কৰিব পাৰে। সেয়ে আতুৰ হৈ তেওঁ ঈশ্বৰৰ চৰণ কমলত আশ্রয় বিচাৰিছে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন
ভকত জনেৰ নিজ তুমিসে জীৱন।
উত্তৰ : উক্ত স্তৱকটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ত থকা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘বৰগীতটিৰ পৰা তুলি অনা হৈছে।
উক্ত স্তৱকটিৰ জৰিয়তে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে পৰম ব্ৰহ্ম ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিবলৈ গৈ অৱতাৰণা কৰিছে।
মহাপুৰুষজনাই পৰমব্ৰহ্ম ঈশ্বৰৰ কথা ক’বলৈ গৈ কৈছে যে পৰমব্ৰহ্ম ঈশ্বৰৰ চৰণ যুগলেই তেওঁৰ জীৱনৰ পৰম ধন। তেওঁৰ চৰণ যুগলৰ বিনে তেওঁৰ আন গতি নাই। ঈশ্বৰেই ভকতসকলৰ জীৱন। সেয়ে মহাপুৰুষজনাই কৃপাৰ সাগৰ ভগৱন্তৰ চৰণত শৰণ লৈ এই সংসাৰৰ মোহ-পাশৰ পৰা মুক্তি বিচাৰি উক্ত স্তৱকটি ব্যক্ত কৰিছে।
বৰগীত class 10 Question Answer
৭। সনক সনন্দ যোগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নাপায়। — তাৎপর্য বিচাৰ কৰা।
উত্তৰঃ উক্ত স্তৱকটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস ত থকা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘বৰগীত ‘টিৰ পৰা তুলি লোৱা হৈছে।
মহাপুৰুষজনাই উক্ত স্তৱকটিৰ জৰিয়তে মানৱ জীৱনত ভগৱানৰ প্ৰভাৱ, তেৱেঁই যে এই সংসাৰ তাৰণৰ উপায় ইত্যাদি কথা ক’বলৈ গৈ কৈছে যে
পৰমব্ৰহ্ম ঈশ্বৰ যদিও নিৰাকাৰ, তেওঁ কিন্তু সদায় ভক্তৰ দাস। সনক, সনন্দ আদি যোগীসকলে যাক ধ্যান কৰে, সেইজনা পৰমপুৰুষ ভগৱন্তৰ আমি কিন্তু পাৰাপাৰ নাপাওঁ, সেইজনা ভগৱন্তৰ মহিমা মহাপুৰুষজনাই কেনেকৈ জানিব বুলি আকুলতা প্ৰকাশ কৰিছে। বিষয়ত বিবুদ্ধি হৈ তেওঁ ঈশ্বৰৰ চৰণত আশ্ৰয় বিচাৰিছে।
দশম শ্ৰেণীৰ অসমীয়া বৰগীত
৮। চমুটোকা লিখা :
বৰগীত, ব্ৰজাৱলী ভাষা, মাধৱদেৱ
উত্তৰ : বৰগীত : প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগ-তালযুক্ত, আধ্যাত্মিক ভাৱসম্পন্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহকেই ‘বৰগীত’
আখ্যা দিয়া হয়। গুৰু দুজনাৰ গীতসমূহৰ বাহিৰত ওপৰত উল্লেখিত বৈশিষ্ট্য সম্পন্ন হ’লেও আনৰ দ্বাৰা ৰচিত গীতক কিন্তু বৰগীত বুলি কোৱা নহয় । গুৰু দুজনাই নিজে এই গীত এই আধ্যাত্মিক ভাৱসম্পন্ন গীতসমূহক ‘বৰগীত’ আখ্যা দিয়া নাছিল৷ গুৰু দুজনাৰ প্ৰতি প্রিয় শিষ্যসকলে সন্মান জনাই আনৰ গীতৰ পৰা উচ্চাসনত প্ৰতিষ্ঠা কৰিবৰ মানসেৰেই তেৰাসবৰ গীতক ‘বৰগীত’ আখ্যা দিছিল। বৰগীতসমূহ ব্ৰজ্ৰাৱলী ভাষাত ৰচিত। মহাপুৰষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা বৰগীতসমূহ ভক্তিৰস, দাস্য, সখ্য, বাৎসল্য, শান্ত- ৰসৰো প্ৰকাশ ঘটিছে।
ব্ৰজাৱলী ভাষা : শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকীয়া নাটত প্ৰয়োগ কৰা ব্ৰজাৱলী ভাষা হ’ল একপ্ৰকাৰৰ কৃত্রিম সাহিত্যিক ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ সময়ত অসম-বংগ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক কিছু গীত-পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজাৱলী ভাষা বুলি কোৱা হৈছিল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। পশ্চিমা হিন্দীৰ অপভ্রংশ ব্ৰজ ভাষাৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশণেৰে ই ঠাই বিশেষে একোটা বিধ্বস্ত ৰূপ লাভ কৰে। এই ভাষাতো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্রুতি মধুৰ হয়।
মাধৱদেৱ : ১৪৮৯ চনৰ এটা শুভ ক্ষণত এইগৰাকী মহাপুৰুষৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য এইজনা মহাপুৰুষে গুৰুৰ পদাংক অনুসৰণ কৰি বৰাদি, গণককুছি, সুন্দৰদিয়া, ভেলাডোবা আদিত বৈষ্ণৱ ধর্মপ্রচাৰ কৰিছিল। ধর্মপ্রচাৰৰ সমানে তেওঁ গুৰুজনাৰ দৰে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো আগবাঢ়ি গৈছিল। তেওঁৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহাজাৰটা ঘোষা থকা বাবে নামঘোষাক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয়। ইয়াৰোপৰি তেখেতে আৰু ভালেমান ৰচনা অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়ায়। সেইসমূহৰ ভিতৰত আখ্যানমূলক ৰচনাসমূহ হ’ল— ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনাসমূহ হ’ল – জন্মৰ ৰহস্য, ভঞ্জন বা দধিমথন অংকীয়া নাট। ঝুমুৰাসমূহ হ’ল— চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন, বিহাৰ আদি।
বৰগীত Class 10 আধুনিক ৰূপ
ভাষা বিষয়ক :
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়
শব্দ | আধুনিক ৰূপ |
নপাৱন্ত | নাপায় |
কেনে | কেনেকুৱা |
ভৈলোহো | হ’লো |
তুমিসে | তুমি |
জনেৰ | জনৰ |
কহয় | কয় |
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ : ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ’ল-
(ক) এই ভাষা একপ্ৰকাৰ কৃত্রিম সাহিত্যিক ভাষা।
(খ) এই ভাষাৰ মূল ভেটি মৈথিলি।
(গ) এই ভাষাটো শংকৰদেৱৰ সময়ৰ এটা ভাষা।
(ঘ) ব্ৰজাৱলী ভাষা বৰগীতৰ ভাষা।
(ঙ) ব্ৰজ্ৰাৱলী ভাষা প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগ হোৱা বাবে ই শ্ৰুতিমধুৰ।
(চ) ই এক সাহিত্যিক ভাষা।
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ : নামঘোষা।
বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ : শ্ৰীশ্ৰীমাধৱদেৱে।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।’—
কবিয়ে জীৱনে-মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ : ঈশ্বৰক অনুৰোধ কৰিছে।
সনক সনন্দ যোগী যাহাকু ধিয়ায়। সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ : হৰি অৰ্থাৎ পৰম ঈশ্বৰ নাৰায়ণক ধ্যান কৰে বুলি কৈছে।
কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ : কবিয়ে এই সংসাৰৰ সাংসাৰিক বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।
বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ : বৰগীত বসন্ত ৰাগত বন্ধা আছে।
কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ : কবিয়ে বান্ধৱ বুলি হৰি বা পৰম ঈশ্বৰক সম্বোধন কৰিছে।
‘মোহ-পাপ’ মানে কি?
উত্তৰ : মায়াৰ বন্ধন