SEBA Class 10 Science chapter 2 question answer in Assamese medium : Acids Bases And Salt (এচিড, ক্ষাৰক আৰু লৱন ) Here, We provided HSLC Previous year Most important question and Answer.
SEBA Class 10 Science chapter 2 question answer
Acids Bases And Salt (এচিড, ক্ষাৰক আৰু লৱন )
প্ৰশ্ন 1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে । দ্ৰৱটোৰ PH হল [ H.S.L.C 2016]
(a) 1 (b) 4 (c) 5 (d) 10
উত্তৰ : ( d ) 10
প্ৰশ্ন 2. কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম [H.S.L.C 2016 ]
উত্তৰ : উত্তৰঃ চ’ডিয়াম কাৰ্বনেট ( Na2CO310H2O).
প্ৰশ্ন 3. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? [H.S.L.C 2017 ]
(a) এন্টিবায়টিক (b) বেদনানাশক (c) অম্লনাশক (d) বীজাণুবােধক
উত্তৰ: (c) অম্লনাশক লিখা ।
প্ৰশ্ন 4: এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰে। দ্ৰব্যটোৰ PH হল—-[HSLC-2016]
(a) 1 (b) 4 (c) 5 (d) 10 উত্তৰঃ (d) 10
Also Check: সকলো দশম শ্ৰেণীৰ বিজ্ঞান
SEBA Class 10 Science chapter 2 question answer
(Short Answer Marks : 2/3)
প্ৰশ্ন.5: ক্ষাৰৰ তিনিটা ধৰ্ম লিখা? [HSLC- 2013]
- এচিডৰ সোৱাদ টেঙা।
- এচিডে নীলা লিটমাছ নীলা কৰে।
- এচিডৰ জলীয় দ্ৰবই বিদ্যুত পৰিবহণ কৰে।
প্ৰশ্ন 6: ব্ৰাইন কাক বোলে? এই ব্ৰাইনৰ মাজেৰে বিদ্যুত প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয়। [HSLC- 2020]
উত্তৰঃ চডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে। ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে চডিয়াম হাইড্ৰক্লৰিক উৎপন্ন হয়।
Q 7: সূচক কি? উদাহৰণ দিয়া? [HSLC- 2012]
উত্তৰঃ যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ ৰং সলনি কৰে তেনে পদাৰ্থ সমহকে সূচক বোলে। যেনে– হালধি, লিটমাছ, মিঠাইল অৰেঞ্জ ।
এচিড, ক্ষাৰক আৰু লৱন
Q8: এটা পৰীক্ষা নলীত 3mL মান চডিয়াম চালফেট দ্ৰৱ লোৱা। আন এটা পৰীক্ষা নলীত 3mL মান বেৰিয়াম ক্লৰাইড দ্ৰৱ লোৱা। দুয়োটা দ্ৰৱ মিহলোৱা আৰু তলৰ প্ৰশ্ন সমূহৰ উত্তৰ দিয়া?
(i) উপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ লিখা?
(ii) উপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ ৰাসায়নিক সমীকৰণ লিখা?
উত্তৰঃ ছডিয়াম চালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্রিয়া ঘটি বেৰিয়াম ছালফেটৰ অধঃ ক্ষেপ আৰু ছডিয়াম ক্লৰাইডৰ উৎপন্ন হয়।
পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ হৈছে — BaCl2(aq)+Na2SO4(aq)—> BaSo4(s)+ 2NaCl (aq)
Q 9: তোমাক A আৰু ব দুটা দ্ৰৱ দিয়া হল। দ্ৰব্ অ PH ৰ মান 6 আৰু দ্ৰৱ B PH ৰ মান 8 । কোনটো দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো দ্ৰৱ ক্ষাৰকীয়? [HSLC 15,17,20]
উত্তৰঃ A দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হব। A দ্ৰৱ আম্লিক আৰু B দ্ৰৱ ক্ষাৰকীয়।
Q, 10 : যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি? [HSLC- 2018]
উত্তৰঃ CaOCl2 ৰ সাধাৰণ নামটো হল ব্লিচিং পাউডাৰ ।
Q. 11: কঠিন পানী কোমল কৰা সাধাৰণ যৌগটোৰ নাম লিখা? [HSLC- 2016]
উত্তৰঃ চডিয়াম কাৰ্বনেট বা কাপোৰ ধোঁৱা ছডা।
Q,12: প্লাষ্টাৰ অৱ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় । ইয়াৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা? [HSLC 15,17]
উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ হল এবিধ বগা জাতীয় পদাৰ্থ। জিপচামক ১০০ ডিগ্ৰী চেলচিয়াছত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হয়।
ৰাসায়নিক বিক্ৰিয়াটো হল— CaSo4. 1/2H2O + 11/2H2O—->CaSo4.2H2o ভঙা হাড় জোৰা দিবলৈ প্লাষ্টাৰ অৱ পেৰিছ ব্যৱহাৰ কৰা হয়।