Brahma Adi Kori Lyrics – (ব্ৰহ্মা আদি কৰি) প্ৰাৰ্থনা Assamese Parthona Namghosa

Brahma Adi Kori Lyrics (ব্ৰহ্মা আদি কৰি জীৱ যত) Assamese Prayer from “Namghosa”. The NamGhosa is the Name of a Vaishnavite scripture written by Madhav Deva. The most devoted disciple of Sri Sankardeva who brought about reformation in religion in Assam and Koch Bihar, organized society and gave a stamp to literature of which Assam is still proud.

Brahma Adi Kori Lyrics

SourceNamghosa
Written byMadhavdeva

Brahma Adi Kori Lyrics

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯

ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||৬৬০

সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||৬৬১
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||৬৬২

Related Post:  Tumi Chitta Biti Muro Lyrics - তুমি চিত্ত বৃত্তি মোৰ প্ৰাৰ্থনা

হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||৬৬৪

ব্ৰহ্মা আদি কৰি জীৱ যত

Brahma Adi Kori Lyrics In Assamese0A0A.bk

Also Read: তুমি চিত্ত বৃত্তি মোৰ (প্রার্থনা)

নামঘোষাৰ সকলো প্ৰাৰ্থনা পাবলৈ ইয়াত ক্লিক কৰক 

Leave a Comment