Class 10 Science Chapter 1 Question Answer SEBA in Assamese

Here we have answered SEBA Class X Science Chapter 1 question of HSLC exam.

Class 10 Science Chapter 1 Question Answer

ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
(Chemical Reactions and Equations)

Multi Choice Questions (MCQ): Mark-1 (HSLC প্ৰশ্ন কাকতৰ পৰা) 
1. এটা দ্ৰৱই গুড়ি কৰি লােৱা কণীৰ খােলাৰ সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘােলা কৰে। দ্ৰৱটোত থাকে— [HSLC 2015]
(a) NaCl (b) HCl (c) LICI (d) KCI।  
উত্তৰ : (b) HCl
2. Fe2 03 + 2Al → Al2 03 + 2Fe
ওপৰৰ বিক্রিয়াটো হ’ল— [HSLC 2016]
(a) এটা সংযােজন বিক্রিয়াৰ উদাহৰণ (b) এটা বিয়ােজন বিক্রিয়াৰ উদাহৰণ (e) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ (d) এটা দ্বি-অপসাৰণ বিক্রিয়াৰ উদাহৰণ
উত্তৰ: (c) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ 

3. কি ঘটে যেতিয়া লঘু হাইড্র ক্লৰিক এচিডত লােৰ গুড়ি যােগ কৰা হয়? [HSLC 2017]
(a) হাইড্রজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন (b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়। (c) বিক্রিয়া নঘটে। (d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। 
উত্তৰ:(a) হাইড্রজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন

Class 10 Science Chapter 1 Question Answer

প্ৰশ্ন 1. উদাহৰণসহ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ সংজ্ঞা দিয়া।
উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত ৰাসায়নিক পৰিৱর্তন ঘটা পদার্থক বিক্রিয়ক পদার্থ আৰু বিক্রিয়া টোত উৎপন্ন হোৱা নতুন পদার্থক বোৰক বিক্রিয়াজাত পদাৰ্থ বোলে। যেনে :- মেগনেছিয়াম + অক্সিজেন –>মেগনেছিয়াম অক্সাইড (বিক্রিয়ক) (বিক্রিয়াজাত পদার্থ) 

প্ৰশ্ন 2. সন্তুলিত ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্ৰিয়ক আৰু বিক্ৰিজাত পদাৰ্থৰ মৌল সমূহৰ ভৰ কাঁড় চিনৰ দুইফালে সমান হৈ থাকে তেনে বিক্রিয়াৰ সমীকৰণ সমূহক সন্তুলিত সমীকৰণ বোলে। 

Related Post:  AHSEC 2nd Year Syllabus 2023 PDF - Arts, Science, Commerce

প্ৰশ্ন 3. তলৰ ৰাসায়নিক বিক্রিয়াসমূহ সম্ভলন কৰা : 
(i) HNO3+Ca(OH)2 —> Ca(NO3)2 + H2O
(ii) BaCl3 + H2S04 —> Bas04 + HCL 
উত্তৰঃ(i) 2HNO3+Ca(OH)2 —> Ca(NO3)2+2H2
(ii) BaCl3 + H2S04, —> Bas04 + 2HCL 
Check Here: Class 10 Science Solution

প্ৰশ্ন 4. সংযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ যি বিক্রিয়াত দুই বাহুতােধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযােজন সংযোজন বিক্রিয়া বোলে 

প্ৰশ্ন 5. পোৰা চোন আৰু শিথিলিত চুনৰ ৰাসায়নিকসংকেত লিখা? 
উত্তৰঃ পোৰা চুন CaO(s) শিথিলিত চুন-Ca(OH)2 

প্ৰশ্ন 6. তাপবৰ্জী ৰাসায়নিক বিক্রিয়াৰ সংজ্ঞা লিখা? [HSLC 2016] 
উত্তৰঃ যিবােৰ বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপও উৎপন্ন হয় সেইবােৰক তাপবৰ্জী ৰাসায়নিক বিক্রিয়া বোলা হয়। 

প্ৰশ্ন 7. তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া কাক বোলে? [HSLC 2016] 
উত্তৰ: যিবোৰ ৰাসায়নিক বিক্রিয়াত শক্তি শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্রিয়া বোলে। 

Class 10 Science Chapter 1 Question Answer

প্ৰশ্ন 8 . সংযােজন বিক্রিয়া আৰু বিযােজন বিক্রিয়াৰ পার্থক্য লিখা?
উত্তৰ: সংযােজন বিক্রিয়া আৰু বিযােজন বিক্রিয়াৰ মাজৰ পার্থক্য হ’ল –

সংযােজন বিক্রিয়াবিযােজন বিক্রিয়া
(i) দুই বা ততােধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্ৰ নতুন বিক্রিয়াজাত পদার্থ উৎপন্ন হয় (ii) ই তাপবৰ্জী ৰাসায়নিক বিক্রিয়া ।(i) এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। (ii)ই তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া ।

প্ৰশ্ন.9 অধঃ ক্ষেপন বিক্রিয়া কাক বোলে ? 
উত্তৰ : কিছুমান বিক্রিয়াত কিছুমান আদাব্য পদাৰ্থ উৎপন্ন হয়। এনে আদাব্য পদাৰ্থ উৎপন্ন হোৱা বিক্রিয়া সমূহকে অধঃক্ষেপন বিক্রিয়া বোলে। 

Related Post:  CTET Syllabus 2023: Download Paper 1 & 2 Pdf, Exam Pattern

প্ৰশ্ন 10: জাৰণ আৰু বিজাৰণ বিক্রিয়া কাক বোলে?
উত্তৰ: যিবোৰ বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱাই তেনে বিক্ৰিয়াক জাৰণ বিক্রিয়া বোলে। আৰু যি বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱাই হাইড্ৰজেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্রিয়া বোলে। 

প্ৰশ্ন 11. লােৰ বস্তুত ৰঙৰ প্রলেপ দিওঁ কিয় ?
উত্তৰঃ মামৰ ধৰাৰ পৰা ৰক্ষা কৰিবলৈ সাধাৰণতে লােৰ বস্তুৰ ওপৰত ৰঙৰ প্রলেপ দিয়া হয়। ৰঙৰ প্রলেপ সানিলে লােৰ পৰমাণুবােৰে বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শত আহিব নােৱাৰে ফলত বিক্রিয়া নঘটে আৰু সামগ্ৰীবিধ বহু দিনলৈ মামৰে ধৰাৰ পৰা ৰক্ষা পৰে। 

প্ৰশ্ন 12. বিয়ােজক বিক্রিয়াক সংয়ােজন বিক্রিয়াৰ বিপৰীত বােলা হয় কিয় ? এইবােৰ বিক্রিয়াৰ সমীকৰণ লিখা। [HSLC 2015] 
উত্তৰঃ কাৰণ বিয়ােজন বিক্রিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততােধিক পদার্থ উৎপন্ন হয়। আনহাতে সংযােজন বিক্রিয়াত দুই বা ততােধিক পদার্থ লগ লাগি এটা নতুন পদার্থ উৎপন্ন হয়। গতিকে বিক্রিয়া দুটা আনটোৰ বিপৰীত। 

Class 10 Science Chapter 1 Question Answer in Assamese

প্ৰশ্ন 14. দুর্গন্ধিতা বা ৰেনচিডিটি কাক বােলে? তেল আৰু চর্বিযুক্ত খাদ্য নাইট্রজেনৰ পৰিৱেশত পেকেটত ভৰাই ৰখা হয় কিয় ?
উত্তৰঃ তেল আৰু চর্বি বায়ুমণ্ডলৰ অক্সিজেনৰ দ্বাৰা জাৰিত হৈ দুর্গন্ধী হয ইয়াকে দুর্গন্ধিতা বা ৰেনচিডিটি বোলে। সেই কাৰণে তেল বা চর্বিযুক্ত পদার্থ জাৰণ নঘটিবলৈ প্ৰতিজাৰক পদাৰ্থৰ উপস্থিতিত বায়ুৰুদ্ধ পৰিৱেশত সংৰক্ষণ কৰা হয়। বায়ুৰুদ্ধ পাত্রত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয়। জাৰণ নঘটিবৰ বাবে চিপচৰ পেকেটবােৰৰ ভিতৰত নাইট্ৰজেন দৰে গেছ ভৰাই থােৱা হয়। 

Related Post:  Correct Tense Questions And Answers SEBA HSLC Exam

প্ৰশ্ন 15. শ্বসনক কিয় তাপবর্জী বিক্রিয়া বুলি কিয় কোৱা হয়?
উত্তৰঃ শ্বসনত গ্লুক’জৰ অণুবােৰ অক্সিজেনৰ দ্বাৰা দাহিত হৈ শক্তি উৎপন্ন হয়। আমি জানো যে শক্তি উৎপন্ন হোৱা বিক্ৰিয়াক তাপবর্জী বিক্রিয়া বোলে ।
সেয়ে শ্বসন তাপবর্জী বিক্রিয়া। বিক্ৰিয়াটো হল — C6H12O6(aq)+6O2(g)—>CO2(g)+H2O(l)+শক্তি 

প্ৰশ্ন 16. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্যৰ পােহৰত ৰাখা । [ HSLC 2015]
(a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব ?
(b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব ?
(c) ওপৰৰ পর্যবেক্ষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা ।
উত্তৰ: ( a ) কিছু সময় পিছত AgCl ৰ ৰং মটীয়া বৰণৰ হব ।
(b) বিয়ােজন বিক্রিয়া ।
(c) 2AgCI ( s ) সূৰ্যৰ পােহৰ >2Ag ( s ) + Cl2 (s ) 

প্ৰশ্ন 17: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয় ? [HSLC 2019]
উত্তৰ: মেগনেছিয়াম এবিধ সক্রিয় ধাতু হােৱা বাবে ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি মেগনেছিয়ামৰ ফিটাডালত মেগনেছিয়াম কার্বনেট ( MgCO3) ৰ এটা তৰপ সৃষ্টি হয় । ফলত অক্সিজেন Mg ধাতুৰ সংস্পৰ্শলৈ আহিব নােৱাৰে । সেয়েহে MgCO3 ৰ প্ৰলেপটো আতৰাবলৈ বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল’ব লাগে যাতে অক্সিজেনৰ সম্পূর্ণ পৰিৱেশত দহন সংঘটিত হয়। 

প্ৰশ্ন 18: প্রশমন বিক্রিয়া কি ? উদাহৰণ দিয়া । [HSLC-2019] 
উত্তৰ: এচিড আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটি পৰস্পৰে পৰম্পৰক প্রশমিত হৰে আৰু ইয়াৰ পৰা লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক প্রশমন বিক্রিয়া বােলে । উদাহৰণ – HCI + NaOH → NaCl + H2O

Check Here : Class 10th Math

Leave a Comment