Social Science Class 10 SEBA Question Answer – Chapter 1 History

Assam Social Science class 10 SEBA Chapter 1 History Questions Answer বংগ বিভাজন আৰু স্বদেশী আন্দোলন All HSLC Questions Paper Important Question Answer For Upcoming HSLC Exam.

Social Science class 10 SEBA Question Answer

SubjectSocial Science
BoardSEBA
StateAssam
Chapter1 (বংগ বিভাজন আৰু স্বদেশী আন্দোলন)
Block(প্রথম খণ্ড) ইতিহাস

Social Science class 10 SEBA Question Answer

শুদ্ধ উত্তৰটো বাছি উলিওৱা?

প্রঃ ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্রিটিছ প্রশাসকজন কোন আছিল?
(a) লর্ড মিন্টো (b) লর্ড কার্জন (c) লর্ড কর্নালিছ (d) লর্ড ৰিপন
উ: (a) লর্ড মিন্টো।

প্রঃ কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখনকার্যকৰী কৰা হৈছিল?
(a) লর্ড মাউন্টবেটেন (b) লর্ড উইলিয়াম বেন্টিংক (C) লর্ড ডেলহাউচী (d) লর্ড কার্জন
উঃ (d) লর্ড কার্জন।

প্র : বংগ বিভাজনে সৃষ্টি কৰা ‘ পূর্ববংগ আৰু অসম ‘ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা।
উ: বংগ বিভাজনে সৃষ্টি কৰা ‘ পূর্ববংগ আৰু অসম ’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্রধান তিনিটা ভৌগােলিক সংমণ্ডল হ’ল— ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী।

প্র : স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য বৃটিছ চৰকাৰে কি কি আন্দোলন বিৰােধী কার্যসূচী গ্রহণ কৰিছিল?
উ: স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে বৃটিছ চৰকাৰে কেইবাটাও আন্দোলন বিৰােধী কার্যসূচী গ্রহণ কৰিছিল। চৰকাৰে প্রতিবাদীলকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ আদেশ দিছিল আৰু চৰকাৰে নিজেও বিভিন্ন দমনমূলক ব্যৱস্থা হাতত লৈছিল। চৰকাৰে ছাত্রলকলক দমন কৰিবলৈ স্কুল কলেজ কর্তৃপক্ষলৈ টোকা জাননী জাৰি কৰিছিল। তথাপি ছাত্রসকল এই আন্দোলনৰ পৰা আঁতৰি নাহিল আৰু বন্দে মাতৰম ’ ধ্বনিৰে আকাশ-বতাহ নিনাদিত কৰি তুলিছিল। তেতিয়া বৃটিছ চৰকাৰে এই বন্দে মাতৰম ’ ধ্বনিকো বে-আইনী বুলি ঘােষণা কৰিছিল।

Related Post:  Dibrugarh University Exam Routine 2023 - Semester Exam Time Table

Social Science class 10 SEBA Question Answer

HSLC – 2018

প্র : স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা/ অৱদানৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উ: সকলাে ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগতে সমানে সমানে স্বদেশী আন্দোলনত অংশ গ্রহণ কৰিছিল। স্বদেশী আন্দোলনৰ অগ্রণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী, চৌধুৰীণী। বিপ্লৱী ভাবাদর্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়ােজন কৰি যুৱক যুৱতীসকলক লাঠীখেল আৰু কুক্তিৰ প্রশিক্ষণ দিয়াইছিল ভাৰতী ’ নামৰ পত্রিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্রস্তুত কৰি তুলিছিল। নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙনি যােগােৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ‘চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱকীসকলক দেশীয় শিল্পৰ যােগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।

প্র: লর্ড কার্জনে ঘােষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল?
উঃ লর্ড কার্জনে ঘােষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিৰ প্রথম দফাৰ আঁচনিসমূহ হ’ল—
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনৰ নাম ‘ পূর্ব বংগ আৰু অসম হ’ব।
(খ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেন্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ’ব।
(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।

Related Post:  Class 10 Science Chapter 1 Question Answer SEBA in Assamese

SEBA Question Answer (HSLC 2019)

প্র: স্বদেশী আন্দোলন দুর্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে?
উঃ স্বদেশী আন্দোলনে গােটেই ভাৰতবৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। সেয়েহে বৃটিছ চৰকাৰে এই আন্দোলন দমন কৰাৰ বাবে বিভিন্ন কর্মপন্থা লৈছিল। তলত এই বিষয়ে উল্লেখ কৰা হ’ল।

(১) লর্ড কার্জনে উদাৰপন্থী কংগ্ৰেছ নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলােকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰােপিত উপাধি, পদ আৰু পদক প্রদান কৰিছিল ইয়াৰােপৰি উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰ পতিৰ পদ, বৃটিছ সংসদ সদস্য পদ, ভাইচৰয়ৰ পৰিষদৰ সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলােকৰ সমর্থন আশা কৰিছিল।

(২) বৃটিছ চৰকাৰে আন্দোলনটো মষিমূৰ কৰিবলৈ ছাত্র ছাত্ৰীসকলক শাৰীৰিক শাস্তি বিহাৰ লগতে ৰাজহুৱা সভা সমিতি বে-আইনী ঘােষণা কৰিছিল। তাৰােপৰি বংগদেশৰ পৰা প্ৰকাশিত ভালেমান আলােচনী আৰু আললাচনীৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল।
আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল।

প্রঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদানৰ বিষয়ে আলােচনা কৰা?
উঃ (১) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হলে যে গণ-আন্দোলনত জয়যুক্ত হােৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়সকলে স্বদেশী আন্দোলনৰ যােগেদি আয়ত্ব কৰিব পাৰিছিল।

Related Post:  SEBA Class 9 Syllabus 2023 pdf - Download All Subject

(২) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি বৃটিছ চৰকাৰৰ ওপৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্র গণ-সংগ্ৰামৰ যােগেদিহে উন্নতি সম্ভৱ’– এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান কৰিছিল

(৩) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশ স্বাধীন কৰাৰ প্রৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

Also Check: Class 10 Assamese

Leave a Comment